Tuesday, August 21, 2018

অসমীয়া কবিতা | Assamese Poem | নাটক | - ময়ুৰীমা দত্ত | Mayurima Dutta

নাটক 

এটা সম্পৰ্ক শেষ হ'ল 
এখন নাটকৰ যৱনিকা পৰিল 
শেষ হ'ল নায়ক নায়িকাৰ প্ৰেম কাহিনী।

ৰাতি ৰাতি পতা বিৰামহীন কথাবোৰ অৱশেষত শেষ হ'ল,
ভৱিষৎতলৈ ৰচা সপোনবোৰ আকৌ ভাগিল,
মৰমবোৰ আকৌ নিজৰ নিজৰ ঠাইলৈ উভতি আহিল,
সকলো আকৌ অচিনাকী হ'ল,
আগৰ দৰে,
এটা অধ্যায় শেষ হ'ল, 
পৃষ্ঠাতো নিজে নিজে লুটি খাই পৰিল।

বুকুৰ মাজত এটা খাল হ'ল,
কিন্তু শব্দ নহ'ল
সকলো নিজান
নিস্তব্ধ
নাই উচুপনিৰ শব্দ 
নাই ৰঙাপৰা চকু।

কোনেও গ'ম নাপালে 
ক'ত কি হ'ল 
দিনবোৰ আগৰ দৰেই পাৰ হ'ল 
মাথো থাকি গ'ল বুকুৰ বিষটো‌। 

নায়ক এতিয়া ব্যস্ত 
বেলেগ নায়িকা বিচৰাত,
আৰু নায়িকা? 
বুকুৰ বিষটো ভালপালে তায়ো বিচাৰিব।

এখন নাটক শেষ হ'ল, 
আঁৰ কাপোৰ পৰিল।।
- ময়ুৰীমা দত্ত
, , , ,

No comments:

Post a Comment