Monday, August 20, 2018

আমাৰ প্ৰেম কাহিনী‌ - অসমীয়া কবিতা [ময়ুৰীমা দত্ত] Assamese Poem by Mayurima Dutta

Assamese Poem by Mayurima Dutta


আমাৰ প্ৰেম কাহিনী‌


আবেলিৰ চাহকাপ মোৰ প্ৰিয়,
এই সময়খিনি প্ৰিয়,
আছুতীয়াকৈ থৈ দিও এই বিশেষ সময়খিনি, 
প্ৰিয়জনৰ বাবে,
প্ৰেমৰ বাবে‌।
ৰঙচুৱা বেলিটোক এদিনলৈ বিদায় দিও‌, 
কথাপাতো পাৰ কৰা ব্যস্ত দিনটোৰ সুখ-দুখ বোৰ। 

জপনাৰ ওচৰত ফুলি থকা ৰাঙলজোপাৰ , 
ৰঙা ফুল কেইপাহে মোলে চাই মিচিঁকিয়াই, 
সিহঁতিয়েই সাক্ষী আমাৰ এই নিশব্দ কথাবোৰৰ। 

জানে ৰঙা যে মোৰ প্ৰিয় ৰঙ,
নুবুজাৰ ভাওঁ ধৰি হাঁহি থাকে। 
ঘৰমূৱা হোৱা বুলবুলিটো কেতিয়াবা আহি ডালত পৰে,
তেতিয়া মোৰ মুখৰ উজ্বলিত পোহৰ দেখি জ্বলে‌‌।
জ্বলে যেতিয়া মই মেলানি মগা পাছতো একেথিৰে চাই থাকো বেলিটোলৈ‌। 

সুধিম বুলিও সোধা নহয় চাগে,
মোৰ প্ৰিয় ৰাঙলজোপাৰ ,
কিয় ইমান ভালপোৱা বেলিটোক?
মইচোন তাতকৈ বেছি ৰঙা।
কিয় নাপাতা মোৰ লগত সেই নিশব্দ চকুৰে পতা কথাবোৰ?
এনেকুৱাই চাগে একপক্ষীয় প্ৰেমবোৰ‌ ,
অভিমান নিজৰ লগতেই কৰিবলগা হয়, 
কাজিয়াও নিজৰ লগতেই কৰিবলগা হয়‌। 

তথাপি ৰাঙলজোপাই মোলৈ চাই, 
মিচিঁকিয়া হাঁহিৰে মন ভোলাই। 
মই যে তাৰ, 
মোৰ কোন দৰকাৰ নাই তাক,
চাহকাপ শেষ নোহোৱালৈকে চাই থাকে মোক, 
কিন্তু বেলিটো গুচি যায় তাৰ সময়মতেই। 

আকৌ আৱেলি হ'ব, 
চাহকাপ আৰু মই আহিম,
ৰৈ থাকিব বেলিটো আৰু ৰাঙলজোপা‌‌।
এটা অন্তহীন প্ৰেম কাহিনী,
আমাৰ প্ৰেম কাহিনী‌‌।।
-ময়ুৰীমা দত্ত




Assamese Poem by Mayurima Dutta

Mayurima Dutta's facebook profile visit 👈


Like Us on facebook MediaAssam 👈

Follow Bedanta Saikia on twitter 👈


Mayurima Dutta Axomiya Kobita

, , , ,

No comments:

Post a Comment