Showing posts with label Assamese romantic poem. Show all posts
Showing posts with label Assamese romantic poem. Show all posts

Monday, October 15, 2018

মৰম বিচাৰি | Morom Bisari | An Assamese poem by Mayurima Dutta

October 15, 2018

মৰম বিচাৰি | Morom Bisari | 

   -By Mayurima Dutta    

    

অলপমান মৰম ধাৰলৈ দিবানে? 
বেছি নালাগে, 
এই যে হাতৰ মুঠিটো দেখিছা 
সিমানখিনি দিলেই হ'ব। 

এই যে মোৰ কলিজাখন, 
তাৰ জোখাৰে দিলেই হ'ব‌ । 

কথা দিছো, 
সূতে-মূলে ঘূৰাই দিম।

এৰি থৈ যোৱা মনৰ ৰঙীন পছোৱাজাক 
উভতি আহিলেই ঘূৰাই দিম।
হতাশাৰে ভৰা মোৰ শুকান মৰুভূমিখনত 
বৰষুণ আহিলেই ঘূৰাই দিম‌।

অলপমান মৰম ধাৰলৈ দিবানে? 
হাতৰ মুঠিটোৰ জোখাৰে‌ ।।

 An Assamese poem by Mayurima Dutta

Zubeen Garg Old Song Pakhi Pakhi Ei Mon👉 পাখি পাখি এই মন



Mayurima Dutta's facebook profile visit 👈

Like Us on facebook MediaAssam 👈
Follow Bedanta Saikia on twitter 👈



Also read more Assamese writings click here 👈

Thursday, August 30, 2018

অসমীয়া কবিতা- "কথাৰ নিয়ন্ত্ৰণ" | An Assamese poem by Mayurima Dutta

August 30, 2018
 An Assamese poem by Mayurima Dutta
কথাৰ নিয়ন্ত্ৰণ
মোৰো বুকুত খোঁচ মাৰি ধৰে 
যেতিয়া টানকৈ কিবা কোৱা
কিন্তু জানা প্ৰহেলিকা, 

এই যে কোৱাৰ ধৰণটো 
নহয় মোৰ সকলোৰে নিছিনা‌।

প্ৰতিটো বাক‍্যত সোমাই থাকে
খং, আৱেগ নিয়ন্ত্ৰণৰ কঠোৰতা। 

সেয়ে চাগে প্ৰহেলিকা, 
কথাবোৰতেই চিনি পোৱা 
কোন মানুহ কেনেকুৱা।।


 An Assamese poem by Mayurima Dutta


Mayurima Dutta's facebook profile visit 👈


Like Us on facebook MediaAssam 👈

Follow Bedanta Saikia on twitter 👈


Mayurima Dutta Axomiya Kobita

Tuesday, August 28, 2018

মন নাই | Assamese Poem by Pompy Bora | Lyric

August 28, 2018

মন নাই

-পম্পী বৰা
এতিয়া আৰু মন নাই বাস্তৱলৈ ঘূৰি যাবলৈ,
কল্পনাত আছো থাকিবলৈ দিয়া,
আকৌ আঘাতেৰে ভৰা বাস্তৱ জীৱনলৈ টানি নানিবা,
কাৰণ তুমি  বাৰে বাৰে হৃদয়ত কৰা আঘাত সহ‍্য কৰিব পৰা ক্ষমতা মোৰ নাইকিয়া হৈছে।

যিহেতু তুমি দিয়া আঘাতবোৰ খূদ্ৰ বেজিৰ খোচৰ দৰে,
হৃদয়খন সেই বিষময় আঘাতে ফুটা ফুটা কৰিলে এতিয়া মাথো শেষ হবলৈ অলপমান বাকী,
আৰু তুমি সেইখিনিও নিঃশেষ কৰিব খুজি‌ছা ।
কিমান আৰু আঘাত /জখম দিবা,
কেতিয়াবা সেই আঘাতত মলম লগাই দিবাহিচোন । 
আকৌ ওভতি গৈছো কল্পনালৈ,
তুমি আহিছা আৰু মৰমেৰে আলফুলে আঘাতত মলম সানিছা,
এতিয়া মন নাই ঘূৰি যাব বাস্তৱলৈ,
এতিয়া আৰু মন নাই।

,,(হৃদয়),,


মন নাই | Assamese Poem by Pompy Bora | Lyric


Assamese Poem By Pompy Bora
Pompy Bora'r Axomiya kobita

Visti Pompy Bora's facebook profile- click here 👈

Like Us on facebook MediaAssam 👈
Follow Bedanta Saikia on twitter 👈

Tuesday, August 21, 2018

অসমীয়া কবিতা | Assamese Poem | নাটক | - ময়ুৰীমা দত্ত | Mayurima Dutta

August 21, 2018
নাটক 

এটা সম্পৰ্ক শেষ হ'ল 
এখন নাটকৰ যৱনিকা পৰিল 
শেষ হ'ল নায়ক নায়িকাৰ প্ৰেম কাহিনী।

ৰাতি ৰাতি পতা বিৰামহীন কথাবোৰ অৱশেষত শেষ হ'ল,
ভৱিষৎতলৈ ৰচা সপোনবোৰ আকৌ ভাগিল,
মৰমবোৰ আকৌ নিজৰ নিজৰ ঠাইলৈ উভতি আহিল,
সকলো আকৌ অচিনাকী হ'ল,
আগৰ দৰে,
এটা অধ্যায় শেষ হ'ল, 
পৃষ্ঠাতো নিজে নিজে লুটি খাই পৰিল।

বুকুৰ মাজত এটা খাল হ'ল,
কিন্তু শব্দ নহ'ল
সকলো নিজান
নিস্তব্ধ
নাই উচুপনিৰ শব্দ 
নাই ৰঙাপৰা চকু।

কোনেও গ'ম নাপালে 
ক'ত কি হ'ল 
দিনবোৰ আগৰ দৰেই পাৰ হ'ল 
মাথো থাকি গ'ল বুকুৰ বিষটো‌। 

নায়ক এতিয়া ব্যস্ত 
বেলেগ নায়িকা বিচৰাত,
আৰু নায়িকা? 
বুকুৰ বিষটো ভালপালে তায়ো বিচাৰিব।

এখন নাটক শেষ হ'ল, 
আঁৰ কাপোৰ পৰিল।।
- ময়ুৰীমা দত্ত

অসমীয়া কবিতা | সপোন | Assamese Poem | - চিৰন্তন বৰদলৈ Chiranton Bordoloi

August 21, 2018

সপোন 


Assamese Poem by Chirantan Bordoloi

সপোন সকলোৱে দেখে
দুখীয়াই ধনী হোৱাৰ সপোন, ধনী জনে আৰু ধনী হোৱাৰ সপোন
অশিক্ষিতই শিক্ষিত হোৱাৰ সপোন, নিসন্তানে সন্তান পোৱাৰ সপোন।

    জীৱনৰ বাটত জিকি যায় সপোনবোৰ 
হাৰি যায় কেতিয়াবা জীৱনৰ যুঁজত
আৰু কেতিয়াবা সমুখ সমৰত ডিঙি চেপি হত্যা কৰা হয় নিজৰে পালিত সপোনবোৰক।
      আকৌ নতুনকৈ আৰম্ভ হয় সপোনবোৰ ,
সপোন দেখাৰ অধিকাৰ আপোনাৰ মোৰ সকলোৰে আছে দিয়ক চোন,
কেতিয়াবা সপোন খেদি ফুৰোতে নি:স্ব হৈ পৰে জনগণ
কণ্টকময় হৈ পৰে জীৱন,আকৌ হত্যা কৰি পেলোৱা হয় সপোনবোৰক।
     বাৰিষাৰ বৰষুণত জীপ লৈ উঠা পথাৰখনৰ দৰে আশা,প্ৰেৰণা , 
সাহসৰ বৰষুণত আকৌ জীপাল হৈ উঠে সপোনবোৰ,
কাৰণ সপোন হৈছে জীয়াই থকাৰ এটা নিৰন্তৰ  উৎস  ।

- চিৰন্তন বৰদলৈ 






অসমীয়া কবিতা | সপোন | Assamese Poem | - চিৰন্তন বৰদলৈ 

Assamese Poem by Chiranton Bordoloi

Assamese Poem by Chiranton Bordoloi


Chiranton Bordoloi's facebook profile visit 👈


Like Us on facebook MediaAssam 👈

Follow Bedanta Saikia on twitter 👈


Chiranton Bordoloi Axomiya Kobita

Monday, August 20, 2018

ব্যৰ্থ প্ৰেমিক আমি - অসমীয়া কবিতা [বিতোপন মহন্ত] Assamese Poem by Bitupan Mahanta

August 20, 2018
Assamese Poem by Bitupan Mahanta

ব্যৰ্থ প্ৰেমিক আমি

ঐ কাৰ্লি চুলিৰ ছোৱালীজনী
বেকা চাৱনিৰে নাচাবা নাঃ
হৃদয়ত ঢোল,  পেঁপা সকলো
বাজি উঠে চাল্লা
আইক'নিক কাজলেৰে, 
চকুৰ তীব্ৰ চাৱনিৰ আঘাত, 
আমাৰ বেইমান হৃদয়ে সহিব নোৱাৰে। 

আৰেঃ আৰেঃ
সেই হাঁহিটো যে!! 
নামাৰিবাচোন,
আকৌ এবাৰ 
মৰহি যোৱা গোলাপ জী উঠিব। 

কিমান জনৰ সপোনৰ ঠিনা তুমি, 
তুমি চাগৈ গমেই নোপোৱা! 
কি আচৰিত!! 

চকুৰে কথা ন'কবা অ'
বুজি নাপাওঁ আমি
হাঁহিৰে হৃদয় গলাই আকৌ এবাৰ 
নিদিবা কষ্ট। 

এই যে ব্যস্ত প্ৰেম নগৰীৰ আমি ব্যৰ্থ প্ৰেমিক, 
আজিও কলম আৰু শব্দৰে 
কৰি আছো প্ৰতিবাদ 
প্ৰেম প্ৰতাৰণাৰ।






Assamese Poem by Bitupan Mahanta

Bitupan Mahanta's facebook profile visit 👈


Like Us on facebook MediaAssam 👈

Follow Bedanta Saikia on twitter 👈

Bitupan Mahanta Axomiya Kobita

আমাৰ প্ৰেম কাহিনী‌ - অসমীয়া কবিতা [ময়ুৰীমা দত্ত] Assamese Poem by Mayurima Dutta

August 20, 2018
Assamese Poem by Mayurima Dutta


আমাৰ প্ৰেম কাহিনী‌


আবেলিৰ চাহকাপ মোৰ প্ৰিয়,
এই সময়খিনি প্ৰিয়,
আছুতীয়াকৈ থৈ দিও এই বিশেষ সময়খিনি, 
প্ৰিয়জনৰ বাবে,
প্ৰেমৰ বাবে‌।
ৰঙচুৱা বেলিটোক এদিনলৈ বিদায় দিও‌, 
কথাপাতো পাৰ কৰা ব্যস্ত দিনটোৰ সুখ-দুখ বোৰ। 

জপনাৰ ওচৰত ফুলি থকা ৰাঙলজোপাৰ , 
ৰঙা ফুল কেইপাহে মোলে চাই মিচিঁকিয়াই, 
সিহঁতিয়েই সাক্ষী আমাৰ এই নিশব্দ কথাবোৰৰ। 

জানে ৰঙা যে মোৰ প্ৰিয় ৰঙ,
নুবুজাৰ ভাওঁ ধৰি হাঁহি থাকে। 
ঘৰমূৱা হোৱা বুলবুলিটো কেতিয়াবা আহি ডালত পৰে,
তেতিয়া মোৰ মুখৰ উজ্বলিত পোহৰ দেখি জ্বলে‌‌।
জ্বলে যেতিয়া মই মেলানি মগা পাছতো একেথিৰে চাই থাকো বেলিটোলৈ‌। 

সুধিম বুলিও সোধা নহয় চাগে,
মোৰ প্ৰিয় ৰাঙলজোপাৰ ,
কিয় ইমান ভালপোৱা বেলিটোক?
মইচোন তাতকৈ বেছি ৰঙা।
কিয় নাপাতা মোৰ লগত সেই নিশব্দ চকুৰে পতা কথাবোৰ?
এনেকুৱাই চাগে একপক্ষীয় প্ৰেমবোৰ‌ ,
অভিমান নিজৰ লগতেই কৰিবলগা হয়, 
কাজিয়াও নিজৰ লগতেই কৰিবলগা হয়‌। 

তথাপি ৰাঙলজোপাই মোলৈ চাই, 
মিচিঁকিয়া হাঁহিৰে মন ভোলাই। 
মই যে তাৰ, 
মোৰ কোন দৰকাৰ নাই তাক,
চাহকাপ শেষ নোহোৱালৈকে চাই থাকে মোক, 
কিন্তু বেলিটো গুচি যায় তাৰ সময়মতেই। 

আকৌ আৱেলি হ'ব, 
চাহকাপ আৰু মই আহিম,
ৰৈ থাকিব বেলিটো আৰু ৰাঙলজোপা‌‌।
এটা অন্তহীন প্ৰেম কাহিনী,
আমাৰ প্ৰেম কাহিনী‌‌।।
-ময়ুৰীমা দত্ত




Assamese Poem by Mayurima Dutta

Mayurima Dutta's facebook profile visit 👈


Like Us on facebook MediaAssam 👈

Follow Bedanta Saikia on twitter 👈


Mayurima Dutta Axomiya Kobita

আত্মানুভূতি- অসমীয়া কবিতা [ময়ুৰীমা দত্ত] Assamese Poem by Mayurima Dutta

August 20, 2018
Assamese Poem by Mayurima Dutta


আত্মানুভূতি

অস্থিৰতা ,
দেহত বিয়পি পৰে 
পিৰ-পিৰনি উঠে 
যেন এটি পোকে কামোৰিছে ।

বেমাৰ নি ই ,
সন্দেহৰ খলকনি উঠে 
প্ৰাণটোলৈ প্ৰেম জন্মে 
উশাহটোক হেৰুৱাবলৈ ভয় লাগে। 

সিৰে সিৰে বাগৰি গৈছে
অস্থিৰতা ,
যেন বোৱতী নৈ 
ছট-ফটাই আছো মই
        ছট-ফটাই। 
সপোনবোৰ ফুলালৈ বাট চাই।।

-ময়ুৰীমা দত্ত




Assamese Poem by Mayurima Dutta


Mayurima Dutta's facebook profile visit 👈


Like Us on facebook MediaAssam 👈

Follow Bedanta Saikia on twitter 👈


Mayurima Dutta Axomiya Kobita

কবৰৰ বুকুত প্ৰেম - অসমীয়া কবিতা Assamese Poem [ময়ুৰীমা দত্ত] Mayurima Dutta

August 20, 2018

Assamese Poem by Mayurima Dutta

কবৰৰ বুকুত প্ৰেম

এটা দিন আহিব, 
যিদিনাৰ পৰা মই তোমাৰ কথা নাভাবিম ,
তোমাৰ স্মৃতি সুৱঁৰি নাকান্দিম, 
তোমাক লৈ কৰা চিন্তাবোৰ নকৰিম। 

সেইদিনাই , 
কবৰ খান্দি পুতি থৈ আহিম মোৰ ভালপোৱা।
নিদিও এপাহো ফুল তাত ,
নিদিও পৰিবলৈ এটোপালো অশ্ৰু ,
নজ্বলাও এগচি চাকি আমাৰ যুগ্ম ফটোত‌।

সেইদিনাই 
তোমাৰ নামত থকা অশ্ৰুবোৰ শেষ হ'ব,
তোমাৰ উমাল মৰমবোৰৰ স্মৃতি শেষ হ'ব,

অসীমত বিলীন হ'ব মোৰ প্ৰেম‌।।


- ময়ুৰীমা দত্ত


Assamese Poem by Mayurima Dutta
Mayurima Dutta's facebook profile visit 👈


Like Us on facebook MediaAssam 👈

Follow Bedanta Saikia on twitter 👈

Mayurima Dutta Axomiya Kobita