Friday, August 24, 2018

Difference between Bullet train and Normal train | Why Bullet train is so fast |

August 24, 2018

Difference between Bullet train and Normal train


Train is one of the best medium of transportation. In 1804 first train was invented. The first train engine was steam engine. It  runs at the maximum speed of 8 Km/h. The trains and engines were developing gradually and we have the bullet train which can be run at the maximum speed of 500 km/h. Thou, we are discussing here the difference between normal diesel and electric train and bullet train.
Steam engine

A normal diesel engine train can run at average speed of 80 km/h and the normal electric train can run average speed of 110 km/h. On the other hand a bullet train can run average speed of 300 km/h. Here is the mechanism why bullet train is so fast.
diesel train

1. Power mechanism: In the normal trains, we have a engine in the front side of the train and the engine pulls the whole train. The engine needs so much power to pull the train. On the other hand in bullet train there is no engine. Every wheels of bullet train have electric motors and so every wheels can get power from the motors in the same time. So it is become easy to move the train faster than the normal train.
Mechanism of bullet train

2. Aerodynamic: When an object moves so fast, the object hit the air and the airs makes the object slow. So the engineers make bullet train aerodynamic, so that the force of air on the train become low and the train run faster. But the normal trains have not aerodynamic shape to prevent the force of air upon the train.
aerodynamic bullet train

3. Trusted suspension: Bullet train has not need to slow down in curvy track, because of its suspension system. In the normal trains, spring suspension system are being used, but in bullet train, hydraulic suspension system used. It proved a smooth journey and no risk of derail in a high speed.

These are the main fact, why a bullet train can run faster than a normal train. Hope You know about the mechanism of a bullet train now. Thanks for visit the website.

Difference between Bullet train and Normal train
-Data Collected By Bedanta Saikia

Wednesday, August 22, 2018

Nonveg | পিঠাগুৰি বা খুদচাউল আৰু বাঁহগাজ দি বনোৱা লোকেল মুৰ্গি মাংস [Cicken with bamboo shoots] | By- Rupali Dutta Bora

August 22, 2018
পিঠাগুৰি আৰু বাঁহগাজ দি বনোৱা লোকেল মুৰ্গি মাংস ।

Chicken with bamboo shoots

উপাদান সমুহ:
1: লোকেল চিকেন 200 গ্ৰাম
2: আলু এটা ডাঙৰ
4: নহৰু আদাৰ পেষ্ট এক টেবুল চামোছ
3: পিঁয়াজ এটা ডাঙৰ
6: বাঁহ গাজ দুই টেবুল চামোছ
5: শুকান জলকীয়া পেষ্ট দুই চামোছ
9: নিমখ আন্দাজমতে
7: খুঁদ টাউল দুই টেবুল চামোছ
8: হালধী এক চাহ চামোছ

Rupali Dutta Bora

Chicken with bamboo shoots

প্ৰনালী

মাংস খিনিত নিমখ আৰু হালধী সানি এক ঘন্টা মান ৰাখি থব। এখন কেৰাহি জুইত পাতি মাংস খিনি দিব। আলু টুকুৰা কৈ কাটি , পিঁয়াজ মিহিকৈ কাটি দিব। নহৰু, আদা, আৰু জলকীয়া পেষ্ট দি পানী দুকাপ দি ঢাকোন বন্ধ কৰি দিব। পানী শুকালে খুঁদ চাউল খিনি দি লৰাই পুনৰ পানী যোগ দিব। মাংস ঘন হৈ আহিলে বাঁহ গাজ খিনি দি অলপ লৰাই পচন্দৰ গ্ৰেভি ৰাখি নমাই দিব।
-ৰন্ধন  প্ৰকৰণ আগবঢ়ালে


Cicken with bamboo shoots



Tuesday, August 21, 2018

অসমীয়া কবিতা | Assamese Poem | নাটক | - ময়ুৰীমা দত্ত | Mayurima Dutta

August 21, 2018
নাটক 

এটা সম্পৰ্ক শেষ হ'ল 
এখন নাটকৰ যৱনিকা পৰিল 
শেষ হ'ল নায়ক নায়িকাৰ প্ৰেম কাহিনী।

ৰাতি ৰাতি পতা বিৰামহীন কথাবোৰ অৱশেষত শেষ হ'ল,
ভৱিষৎতলৈ ৰচা সপোনবোৰ আকৌ ভাগিল,
মৰমবোৰ আকৌ নিজৰ নিজৰ ঠাইলৈ উভতি আহিল,
সকলো আকৌ অচিনাকী হ'ল,
আগৰ দৰে,
এটা অধ্যায় শেষ হ'ল, 
পৃষ্ঠাতো নিজে নিজে লুটি খাই পৰিল।

বুকুৰ মাজত এটা খাল হ'ল,
কিন্তু শব্দ নহ'ল
সকলো নিজান
নিস্তব্ধ
নাই উচুপনিৰ শব্দ 
নাই ৰঙাপৰা চকু।

কোনেও গ'ম নাপালে 
ক'ত কি হ'ল 
দিনবোৰ আগৰ দৰেই পাৰ হ'ল 
মাথো থাকি গ'ল বুকুৰ বিষটো‌। 

নায়ক এতিয়া ব্যস্ত 
বেলেগ নায়িকা বিচৰাত,
আৰু নায়িকা? 
বুকুৰ বিষটো ভালপালে তায়ো বিচাৰিব।

এখন নাটক শেষ হ'ল, 
আঁৰ কাপোৰ পৰিল।।
- ময়ুৰীমা দত্ত

অসমীয়া কবিতা | সপোন | Assamese Poem | - চিৰন্তন বৰদলৈ Chiranton Bordoloi

August 21, 2018

সপোন 


Assamese Poem by Chirantan Bordoloi

সপোন সকলোৱে দেখে
দুখীয়াই ধনী হোৱাৰ সপোন, ধনী জনে আৰু ধনী হোৱাৰ সপোন
অশিক্ষিতই শিক্ষিত হোৱাৰ সপোন, নিসন্তানে সন্তান পোৱাৰ সপোন।

    জীৱনৰ বাটত জিকি যায় সপোনবোৰ 
হাৰি যায় কেতিয়াবা জীৱনৰ যুঁজত
আৰু কেতিয়াবা সমুখ সমৰত ডিঙি চেপি হত্যা কৰা হয় নিজৰে পালিত সপোনবোৰক।
      আকৌ নতুনকৈ আৰম্ভ হয় সপোনবোৰ ,
সপোন দেখাৰ অধিকাৰ আপোনাৰ মোৰ সকলোৰে আছে দিয়ক চোন,
কেতিয়াবা সপোন খেদি ফুৰোতে নি:স্ব হৈ পৰে জনগণ
কণ্টকময় হৈ পৰে জীৱন,আকৌ হত্যা কৰি পেলোৱা হয় সপোনবোৰক।
     বাৰিষাৰ বৰষুণত জীপ লৈ উঠা পথাৰখনৰ দৰে আশা,প্ৰেৰণা , 
সাহসৰ বৰষুণত আকৌ জীপাল হৈ উঠে সপোনবোৰ,
কাৰণ সপোন হৈছে জীয়াই থকাৰ এটা নিৰন্তৰ  উৎস  ।

- চিৰন্তন বৰদলৈ 






অসমীয়া কবিতা | সপোন | Assamese Poem | - চিৰন্তন বৰদলৈ 

Assamese Poem by Chiranton Bordoloi

Assamese Poem by Chiranton Bordoloi


Chiranton Bordoloi's facebook profile visit 👈


Like Us on facebook MediaAssam 👈

Follow Bedanta Saikia on twitter 👈


Chiranton Bordoloi Axomiya Kobita

Monday, August 20, 2018

ব্যৰ্থ প্ৰেমিক আমি - অসমীয়া কবিতা [বিতোপন মহন্ত] Assamese Poem by Bitupan Mahanta

August 20, 2018
Assamese Poem by Bitupan Mahanta

ব্যৰ্থ প্ৰেমিক আমি

ঐ কাৰ্লি চুলিৰ ছোৱালীজনী
বেকা চাৱনিৰে নাচাবা নাঃ
হৃদয়ত ঢোল,  পেঁপা সকলো
বাজি উঠে চাল্লা
আইক'নিক কাজলেৰে, 
চকুৰ তীব্ৰ চাৱনিৰ আঘাত, 
আমাৰ বেইমান হৃদয়ে সহিব নোৱাৰে। 

আৰেঃ আৰেঃ
সেই হাঁহিটো যে!! 
নামাৰিবাচোন,
আকৌ এবাৰ 
মৰহি যোৱা গোলাপ জী উঠিব। 

কিমান জনৰ সপোনৰ ঠিনা তুমি, 
তুমি চাগৈ গমেই নোপোৱা! 
কি আচৰিত!! 

চকুৰে কথা ন'কবা অ'
বুজি নাপাওঁ আমি
হাঁহিৰে হৃদয় গলাই আকৌ এবাৰ 
নিদিবা কষ্ট। 

এই যে ব্যস্ত প্ৰেম নগৰীৰ আমি ব্যৰ্থ প্ৰেমিক, 
আজিও কলম আৰু শব্দৰে 
কৰি আছো প্ৰতিবাদ 
প্ৰেম প্ৰতাৰণাৰ।






Assamese Poem by Bitupan Mahanta

Bitupan Mahanta's facebook profile visit 👈


Like Us on facebook MediaAssam 👈

Follow Bedanta Saikia on twitter 👈

Bitupan Mahanta Axomiya Kobita